দক্ষিণ শালমাৰা : যোৱা বৃহস্পতিবাৰে বিয়লি ২ বজাত মানকাচৰৰ সুখচৰ বেৰাভাঙ্গাৰ চৰ এখনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এটি পৰিয়ালৰ দুটি কণমানি ভাতৃ-ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ভুক্তভোগী পৰিয়ালে ৬ জনকৈ লোকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰা চাৰিদিন পিছতো সুখচৰ আৰক্ষীয়ে কোনো এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ লগতে যোৱা নিশা ঘটনাৰ লগত সাঙুৰ খাই পৰা মূল অভিযুক্ত আলিউল ইছলাম ৰহস্য জনকভাৱে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। উল্লেখ্য যে সুখচৰ থানাৰ অন্তৰ্গত বেৰাভাঙ্গা গাঁৱৰ পশ্চিম ফালে থকা ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে থকা চৰ এখনত এটা পৰিয়াল খেতি কৰাৰ উদ্দেশ্য বসবাস কৰি আহিছে।

উক্ত দিনা চৰখনত পুৱাৰ ভাগত আলিউল ইছলাম, সাহিদূৰ ইছলাম আৰু আলিউলৰ পত্নী নিজৰ ভূমিত ঘাঁহ কাটিবলৈ চৰখনত উপস্থিত হয়। চৰখনৰ মাজত অকলে বসবাস কৰা ইনামূল ইছলামৰ দুটা গৰু আলিউল ইছলামৰ খেতিত ঘাঁহ খাই থকা দেখি ইনামূল ইছলামৰ পৰিয়ালৰ লগত আলিউল ইছলাম তৰ্কতৰ্কি লিপ্ত হয়। আনকি গৰু আনিবলৈ যোৱা ইনামূল ইছলামৰ দুই কণমানি ভাতৃ-ভগ্নী আলিউল ইছলামৰ পথাৰত যোৱাত আলিউল ইছলামে কণমানি দুটাক প্ৰহাৰ কৰে। ইয়াক লৈ এক হুলস্থুলীয়া পৰুৱেশৰ সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। উক্ত দিনাই দুপৰীয়া প্ৰায় ১ বজাত বৰষুণ দিয়াত ইনামূল ইছলামৰ দুই কণমানি শিশু সন্তান ক্ৰমে ৮ বছৰীয়া নাজমুল কৰিম আৰু ১১ বছৰীয়া উম্মে কুলসুম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যায় আৰু ইয়াৰে কিছু সময় পাছত খবৰ আহে যে দুয়োৰে মৃতদেহ নদীৰ পাৰত পৰি আছে। লগে লগে মাতৃ আৰু ঘৰত থকা ককায়েক ওলাই গৈ মৃত্যুদেহ দুটি নদীৰ পাৰত পৰি থকা প্ৰত্যক্ষ কৰে। ইনামূল ইছলাম জনোৱা মতে আলিউল ইছলামসহ অভিযুক্ত কেইজনে মৃতদেহ নদীত পেলাই দিবলৈ ধৰিছিল।

সেই সময়ত তেওঁৰ পত্নী আৰু আন একাংশ ঘাঁহ কাটিবলৈ অহা লোক ঘটনাটো প্ৰত্যক্ষ কৰে। ৰাইজক দেখি আলিউল ইছলামসহ অভিযুক্ত কেইজন ঘটনাস্থলীৰ পৰা দৌৰি পলায়ন কৰে। ঘটনাৰ পিছতে একাংশ উত্তেজিত ৰাইজ অভিযুক্তৰ ঘৰত আক্ৰমণ কৰি ঘৰ ভাঙি লণ্ডভণ্ড কৰে। আনহাতে মটৰ চাইকেল এখনতো অগ্নি সংযোগ কৰি দিয়াত মটৰ চাইকেল খন জ্বলি ভস্মীভূত হয়। এই ঘটনাক কেন্দ্ৰ কৰি বিগত পাঁচ দিন ধৰি অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালটো মুঠ ৬ জন অভিযুক্তৰ বিৰুদ্ধে সুখচৰ থানাত গোচৰ ৰজু কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ আই পি চি ধাৰাৰ অধীনত ৮০/২০২১ নম্বৰত গোচৰটো পঞ্জীয়ন কৰিছে। কিন্তু এই ঘটনাৰ চাৰিদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো অভিযুক্তক আটক নকৰাত স্থানীয় ৰাইজ, দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাক লৈ যোৱা দুদিন পূৰ্বে হাটছিঙিমাৰী আৰু গোটাবাৰী আঞ্চলিক আছুয়ে সুখচৰ আৰক্ষীক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়। অন্যথায় আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন গঢ়ি তুলিব বুলি আৰক্ষীক এক প্ৰকাৰে ভাবুকি প্ৰদান কৰাত দেওবাৰে নিশা ৰহস্যজনকভাৱে ঘটনাৰ লগত সাঙুৰ খাই পৰা মূল অভিযুক্ত আলিউল ইছলাম খাৰুৱাবান্ধা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

লগতে পঢ়ক : অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁইক টাইপাৰ অভিনন্দন

ইফালে ঘটনাৰ লগত সুখচৰ আৰক্ষীৰ নাওঁ চালক ৰাকিবুলৰ নাম সাঙুৰ খোৱাৰ বাবে সুখচৰ আৰক্ষীয়ে অভিযুক্ত জনক আত্মসমৰ্পণ কৰাইছে বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ তুলিছে। সুখচৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰহস্য জনক স্থিতি গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন হৈছে। সুখচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই এই সন্দৰ্ভত কয় যে উক্ত দিনা বৰষুণ হোৱাৰ ফলত বজ্ৰপাত হৈছিল আৰু বজ্ৰপাতত শিশু দুটি নদীৰ পাৰত মৃত্যু হ’ব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ তদন্ত চলাই থকাৰ বিষয়ে জানিবলৈ দিয়ে। আজিৰ দিনটোলৈ আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰা নাই বুলিও প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ নাওঁ চালক ৰাকিবুল ঘটনাৰ লগত কোনো প্ৰকাৰে জড়িত নহয় বুলি মন্তব্য কৰে। ইতিমধ্যে আত্মসমৰ্পণ কৰা আলিউল ইছলামক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰাত আদালতে তদন্তৰ বাবে মূল অভিযুক্তজনক দুই দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বুলিও সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply