মৰিগাঁও : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত যোৱা ২০ জুনত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যোৱা নাৰকীয় কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলীক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে৷ পলাতক অৱস্থাত থকা ছৈয়দ আলী ওৰফে পাঠাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে অভিযুক্তই কন্যা শিশুটিৰ পৰিয়ালৰ লোকক ধনৰ টোপ দি ঘটনা লুকুৱাবলৈ চেষ্টা চলাইছিল।
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বালিডোঙাত এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰি দুৰ্বৃত্তই মৰাপাট খেতিৰ মাজত পেলাই থৈ যোৱা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছিল। পুৱাৰে পৰি নিৰুদ্বেষ হৈ থকা শিশুটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ ঘটনাৰ এসপ্তাহ উকলি যোৱাৰ পাচতো দুৰ্বৃত্তক আটক কৰিব নোৱাৰাত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভূৰাগাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লৈ স্থানীয় ৰাইজ, ভুক্তভোগী পৰিয়াল আৰু তদন্তকাৰী বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছিল। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ ক্ষীপ্ৰগতিত তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষীক।
লগতে পঢ়ক : নদীত গা ধুবলৈ যোৱা এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলালে এজন যুৱকে
আৰক্ষীয়ে সুত্ৰই জানিবলৈ দিয়া মতে, ৬৫ বছৰীয়া ছৈয়দ আলী পূৰ্বে মছজিদৰ ইমাম আছিল আৰু এই ধৰণৰ জঘন্য ঘটনা পূৰ্বেও সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে পাঠাৰ বিৰুদ্ধে। আজি পুৱা সংবাদমাধ্যমৰ আগত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয়, অপৰাধী নিৰ্যাতিতাগৰাকীৰ ওচৰৰে হোৱাৰ বাবে তদন্তত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। বিশেষকৈ ঘটনাৰ কোনো প্ৰত্যক্ষদৰ্শী নাছিল। ঘটনাৰ সম্পৰ্কে ৬৫ গৰাকীলোকক সোধাপোছা কৰাৰ অন্তত অপৰাধীক ধৰিবলৈ সক্ষম হয় আৰক্ষী। অপৰাধীক ধৰাৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটো ফাঁচিৰ দাবী তুলি পৰিৱেশ উতপ্ত হৈ পৰে। অভিযুক্তক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় দল সংগঠনৰ লগতে গৰীয়া মৰিয়া জাতীয় পৰিষদে৷