পল্লব মিলি,লখিমপুৰ: লখিমপুৰৰ জিলাৰ ঘূণাসুঁতি জীয়ৰী মাইনা চুতীয়াই ৩০ চেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ” ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। মাইনা চুতীয়া ঘূণাসূঁতিৰ কৃষ্ণপুৰ গাঁৱৰ নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা।
লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী মাইনা চুতীয়াৰ ইতিমধ্যে এখন কাব্য সংকলনো প্ৰকাশ পোৱাৰ লগতে বাঁহী বাদন আৰু নাগাৰা বাদনৰো চৰ্চা অব্যাহত ৰাখিছে।
লখিমপুৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান “মঙ্গলবোধ জাগৰণ কেন্দ্ৰ”ৰো সদস্য মাইনা চুতীয়াই ঘূণাসূঁতি ৰ দৰে এটি পিছপৰা অঞ্চলৰ পৰা আহি প্ৰতিভা আৰু সাফল্যৰ যি নিৰ্দশন দাঙি ধৰিছে তাৰ বাবে মাইনা চুতীয়াৰ সমূহ শুভাকাঙ্খীয়ে অভিনন্দন জনোৱাৰ লগতে সমাজৰ বাবে ই এক আদৰ্শ হৈ ৰোৱাৰ কামনা কৰিছে।
2021 বৰ্ষৰ আগষ্ট মাহত অনলাইন যোগে অংশ গ্ৰহণ কৰা এই ৰেকৰ্ডছৰ ফলাফলৰ মানপত্ৰ, মেডেল, বেজ আৰু পৰিচয় আদি ডাকযোগে লাভ কৰে৷
লগতে পঢ়ক-উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আংগুষ্ঠ প্ৰদৰ্শন কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কাৰ্য কোনে চলাইছে