মাজুলীঃ মাজুলী আৰু যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মাজুলী ৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাইও যোৱা ৯ ছেপ্তেম্বৰত সমগ্ৰ মাজুলীত কলা দিৱস ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই সমগ্ৰ ঘটনা সন্দৰ্ভত গড়মুৰ সদৰত এক সংবাদ মেল সম্বোধন কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই শোকাবহ ঘটনাটোত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনাই লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।

লগতে সন্ধানহীন ব্যক্তি কেইজনৰো যাতে তাৎক্ষণিক সম্ভেদ পায় তাৰ বাবে উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিবলৈ আহ্বান জনায় আৰু ন্যায়িক তদন্তৰ যোগেদি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে ৷

অন্যহাতে সংবাদ মেলত আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নল’লে পাটোৱাৰীয়ে ৷ নিমাতী-মাজুলী ফেৰী দুৰ্ঘটনাৰ বাবে দায়ী চন্দ্ৰমোহন পাটোৱাৰীক অতিশীঘ্ৰে ”Attempt to murder” গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে ৷

মাজুলীবাসী জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত হেতালি খেলিলে এই গৰাকী অকৰ্মণ্য, অপদাৰ্থ মন্ত্ৰীয়ে৷ আৰম্বৰ পূৰ্ণ অনুষ্ঠান পাতি ৰ’ৰ’ আৰু ৰ’পেক্স জাহাজ মাজুলীলৈ উপহাৰ দি মন্ত্ৰী, জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচিৰে বন্ধ কৰি ৰাখি চিণ্ডিকেট ৰাজ চলাই এনে এক শোকাবহ পৰিবেশৰ সৃষ্টি কৰিলে ৷

যাৰ ফল ভোগ কৰি শোকত ম্ৰিয়মাণ আজি সমগ্ৰ মাজুলী ৷ তেওঁলোকৰ এই দাম্ভিক চৰিত্ৰৰ বাবে হত্যাকাণ্ড সংঘটিত হ’ল ৷ আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে- মুখ্যমন্ত্ৰী গৰাকীৰ মাজুলীবাসীৰ প্ৰতি অলপমানো যদি অনুকম্পা আছে শীঘ্ৰে দাম্ভিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বৰ্খাস্ত কৰি  সৎ সাহস দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় ৷

লগতে পঢ়কঃব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’ব দুইলেনযুক্ত সুৰংগ পথ

লগতে মন্ত্ৰী গৰাকীকো তদন্তৰ আওঁতালৈ আনিবলৈ ছাত্ৰ সন্থাই সংবাদল যোগে দাবী জনাইছে ৷ তাৰ সমান্তৰালভাৱে জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ দোষী বিষয়া কৰ্মচাৰীকো তদন্তৰ আওঁতালৈ আনি তাৎক্ষণিক ভাৱে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

জিলা ছাত্ৰ সন্থাই লগতে কয়- জিলা প্ৰশাসনৰ চূড়ান্ত গাফিলতি আৰু দুৰ্বলতাৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ বিশেষকৈ কথাত চহকী পাটোৱাৰীয়ে ৰাষ্ট্ৰপতিলৈও আইন সমান বুলি দম্ভালি মৰাৰ পিছত কেনেকৈ কালি দুখনকৈ কাঠৰ নাও মাজুলীৰ পৰা নিমাতিলৈ টুলুংভুটুংকৈ বিভাগীয় কৰ্মচাৰীয়ে লৈ গ’ল তাৰ তদন্ত এই পৰ্যন্ত কিয় কৰা নাই বুলি সংবাদ মেলত ক্ষোভ উজাৰে আছু নেতা সকলে৷

আছুৰ সম্পাদক গৰাকী অহা ফেৰীখনে মাজুলীৰ পৰা এজন ৰোগী লৈ নিমাতীলৈ গৈছিল৷ ৰোগীৰ আত্মীয়ক যোৰহাটলৈ যাবলৈ জিলা প্ৰশাসনেই ফেৰী দিছিল ৷ সেই ফেৰীখনতে সম্পাদক গৰাকী মাজুলীলৈ আহিছিল ৷ সেই ফেৰীখনৰ ওপৰত বিহিত ব্যৱস্থা ল’লে ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে৷

১০ তাৰিখেও এটা ইঞ্জিন চালিত নাও গৈছে তেওঁলোকৰ ওপৰত কিয় আজিও ব্যৱস্থা গ্ৰহণ কৰা নাই? তাৰ লগে লগে ফেৰী ঘাটৰ দুই পাৰে পঞ্জীয়ন ব্যৱস্থা, লগতে স্থায়ীকৈ দুই পাৰে SDRF আৰু NDRF ৰখাৰ দাবী জনাইছে ৷

যদি মালবাহী জাহাজৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে মাজুলীত তীব্ৰ খাদ্য সংকটে দেখা দিব বুলিও উল্লেখ কৰে আছুৱে ৷

অনতিপলমে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ছাত্ৰ সংগঠনটোৱে। দলং নিৰ্মাণৰ দাবীৰ প্ৰতিশ্ৰুতিত আস্বস্ত নহয় দিন- তাৰিখ ঘোষণা কেতিয়া আৰম্ভ হ’ব আৰু কেতিয়া শেষ হ’ব বুলিও চৰকাৰক প্ৰশ্ন কৰে মাজুলী জিলা আছুৱে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply