মাজুলীঃ চ’ত মাহতেই গৰাখহনীয়া তাণ্ডৱ আহতগুৰি অঞ্চলত। বাৰিষা অহাৰ লগে লগে আহঁতগুৰি ২০খনকৈ গাঁৱৰ গঞাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। বিগত বৰ্ষৰ দৰেই এই বছৰো বাৰিষা অহাৰ লগে লগেই গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে।

আহঁতগুৰিৰ হুতাৰ, ৰায়টি, মাজৰচাপৰিকে আদি কৰি কেইবাখনো গাঁও খহনীয়াত এফালৰ পৰা জাহ গৈছে। আহতগুৰিলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে, মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা ভৌগোলিকভাৱে বিচ্ছিন্ন যাতায়ত যোগাযোগৰ কোনো সুচল নোহোৱা, মাজুলী জিলা প্ৰশাসন বা মন্ত্ৰী-বিধায়কে সহজে ঢুকি নোপোৱা দেৰগাঁৱৰ দাঁতি কাষৰীয়া এই অঞ্চলটোৰ ৰাইজৰ কৃষি আৰু দিন হাজিৰাই একমাত্ৰ সম্বল।

শেহতীয়াকৈ জলসম্পদ বিভাগে পাৰ্কুপাইনৰ আচনি ৰূপায়ন কৰিছিল যদিও সম্পূৰ্ণ হৈ নুঠিল। ৩ কোটি টকীয়া আঁচনিত ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছিল। আৰু ইয়াৰ পৰিণতিতেই এতিয়া ভয়াবহ খহনীয়া সৃষ্টি হৈছে অঞ্চলটোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply