মাজুলীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধীতাৰে মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট।
কেন্দ্ৰীয় আৰু অসম চৰকাৰে সমগ্ৰ উত্তৰ অসমৰ ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধীতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
লগতে পঢ়কঃকঠীয়াতলীত উপস্থিত চি আৰ পি এফৰ চাইকেল ৰেলী
অসমৰ জনগণৰ নিৰাপত্তাৰ স্বাৰ্থত নদীবান্ধ নিৰ্মাণ বন্ধ কৰাৰ দাবীৰে কমলাবাৰীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে অনাগত দিনত বান্ধ নিৰ্মাণৰ বিৰোধীতাৰে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।