মাজুলীঃ মাজুলীত আকৌ চাঞ্চল্যকৰ ঘটনা। কেইদিনমান পূৰ্বেই চোকা দাৰে আৰক্ষীক আক্ৰমণ কৰা কেশৱ হাজৰিকাৰ আত্মহননৰ চেষ্টা।
এক গোচৰৰ সন্দৰ্ভত আৰক্ষী দল কেশৱ হাজৰিকা নামৰ ব্যক্তিজনৰ ঘৰলৈ যোৱাৰ সময়ত চোকা দা লৈ আক্ৰমন চলাইছিল। আৰক্ষীক আক্ৰমন কৰি পলাই থকা কেশৱ হাজৰিকাক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
আৰু পঢ়কঃনগাঁৱৰ কঠিয়াতলীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
যিখন চোকা দাৰে আৰক্ষীক আক্ৰমণ কৰিছিল সেই দাখন উদ্ধাৰ বাবে যাওঁতে আৰক্ষীৰ জিম্মাত থকা কেশৱ হাজৰিকাই সেই দাৰে নিজৰ প্ৰাণ লোৱাৰ চেষ্টা কৰে। লগতে পুনৰ এজন আৰক্ষীকো আঘাত কৰে ।
গড়মূৰ চিকিৎসালয়ত চিকিৎসাধীন ধৃত হাজৰিকাক চিকিৎসাধীন কৰি উপায়ুক্তৰ কাৰ্যালয়লৈ আনে।
উল্লেখ্য যে, আৰক্ষীয়ে ৩ দিনৰ জিন্মাত লৈছিল কেশৱ হাজৰিকাক।
পিছে আৰক্ষীয়ে সেই দা খন বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই।