মাজুলীঃ বুধবাৰে মাজুলীত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা। মাজুলীৰ নতুন বকৰা গাঁৱত উপস্থিত হৈ APART ৰ আৰ্থিক সাহায্যৰে ৬৫ খন গাঁও সামৰি লোৱা “মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড”-য়ে আৰম্ভ কৰা সৰিয়হ খেতি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

সৰিয়হ খেতিৰে মাজুলীৰ কৃষিখণ্ডলৈ আহিছে আমূল পৰিৱৰ্তন। পূৰ্বতে ৭০ হাজাৰ কুইন্টল সৰিয়হ উৎপাদন হোৱা মাজুলীত “PM 28” নামৰ এক উন্নতমানৰ নতুন বীজেৰে এতিয়া কৃষকসকলে সৰিয়হ খেতি আৰম্ভ কৰি অধিক উৎপাদনমুখী হ’বলৈ সক্ষম হৈছে। এই বীজবিধৰ উৎপাদন ক্ষমতা পৰম্পৰাগত আন বীজৰ তুলনাত দুগুণ।

লগতে পঢ়কঃজামুগুৰিহাটত আত্মসহায়ক গোটৰ পুখুৰীত দুষ্কৃতিকাৰীয়ে ঢালিলে বিহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষকৰ বিকাশৰ বাবে কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ কৰাৰ লগতে বিভিন্ন কল্যাণকামী আঁচনিও গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰেও কৃষকৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা”ৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱক ট্ৰেক্টৰ প্ৰদান, সৌৰ বিদ্যুৎ, জলসিঞ্চন আদিৰ ব্যৱস্থাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।

ইয়াৰ পিছতে মাজুলী আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰাই।

সভাত মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্ত, মহকুমা কৃষি বিষয়া ঈৰ্শাদ আলী, কৃষি পৰামৰ্শদাতা ড° ইমৰান হুছেইন, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ সকলো উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply