লোকনাথ নৰহ, মাজুলীঃ মাজুলীৰ জেংৰাইমুখত অনুষ্ঠিত হৈছে ভোগালী মেলা ২০২৩। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ মাজুলীৰ উদ্যোগত তিনিদিনীয়াকৈ এই ভোগালী মেলা হৈছে অনুষ্ঠিত
ভোগালী মেলাৰ লগত সংগতি ৰাখি আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেলো অনুষ্ঠিত কৰা হৈছে। ভোগালী মেলাত দেখিবলৈ পোৱা গৈছে মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকলৰ বিভিন্ন বিপনী উপলব্ধ হৈছে ভোগালী মেলা ২০২৩ত।
ভোগালী মেলাত উপস্থিত হৈ বিপনী সমূহৰ পৰা বিভিন্ন ধৰণৰ বস্ত্ৰ ক্ৰয় কৰিছে সাংসদ প্ৰদান বৰুৱাই। ইফালে, পৰম্পৰাগত খাদ্যৰ লগতে গাহৰী মাংস জুতি লৈছে বিভিন্ন লোকে। ভোগালী মেলা ২০২৩ লগত সংগতি ৰাখি বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে।