মাজুলীঃ নিমাতীঘাটত সংঘটিত শোকাৱহ দুর্ঘটনাক লৈ মাজুলীৰ ৰাইজ ক্ষোভিত হৈ পৰে।
যোৱা সময়চোৱাত মাজুলীৰ উন্নয়নৰ নামত চৰকাৰে কৰি অহা কাৰ্যৰ বাবেই মাজুলাবাসীৰ মনত অভিমান আৰু ক্ষোভ অনুভূত হৈ আছিল।
কালিৰ নাও দুৰ্ঘটনাক লৈ ক্ষোভিত হৈ পৰে দল সংগঠনসমূহ | জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে |
তাৰে পৰিপ্ৰেক্ষিতত মাজুলীবাসীৰ সৈতে ৰাজপথত মিলিত হৈ চৰকাৰৰ প্ৰতি আহ্বান জনোৱাৰ সময়ত মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে সেই স্থানত উপস্থিত হৈ ৰাজপথতে বহি প্ৰতিবাদীকাৰীসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী বিমল বৰা ।
যোৱা চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম কাজ তদাৰক কৰা তথা বৰ্তমান চৰকাৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক আজিলৈকে কিয় মাজুলীত দলং নিৰ্মাণ ন’হল? মাজুলীত কেতিয়া দলং হ’ব? মাজুলীবাসীয়ে কেতিয়া ন্যায় পাব বুলি অজস্ৰ প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে।
লগতে পঢ়কঃহোজাইত কিশোৰী অপহৰণ কাণ্ড
আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে তেওঁলোকৰ প্ৰতিনিধি দলসমূহক বাৰ্তালাপত মিলিত হয় প্ৰতিবাদী সংগঠনসমূহৰ নেতৃত্ব।
মাজুলী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, TMPK, অনুসূচীত জাতি ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু NSUIৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৈতে বাৰ্তালাপ কৰি আগন্তুক দিনত এনেধৰণৰ দুৰ্ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে ব্যৱস্থা ল’বলৈ আৰু লগতে, নিৰাপদ ফেৰী যাত্ৰাৰ স্বাৰ্থত কিছু সংশোধন আৰু নিৰ্মাণৰ বাবে আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে মাজুলীৰ ৰাইজৰ বাবে নিৰাপদ ফেৰী যাত্ৰা গঢ়ি তোলাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে আৰু এই কাম দুই-চাৰিদিনৰ ভিতৰতে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।