মাজুলীঃ মাজুলীত ভাৰতীয় জনতা পাৰ্টী,মাজুলী জিলা সমিতিৰ জিলা কাৰ্যালয় শুভ উদ্বোধন।
গড়মূৰত নিৰ্মাণ কৰা এই স্থায়ী কাৰ্যালয়টোৰ ফিটা কাটি শুভ উদ্বোধন কৰে সৰ্বানন্দ সোণোৱালে।
কাৰ্যালয়ত অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানতো ভাগ লয় সোণোৱালে।
লগতে পঢ়কঃনিয়মৰ মাজেৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই এবছুৰ
উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাই অংশগ্ৰহণ কৰে। মাজুলী জিলাত ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়টো গঢ়ি উঠাত সন্তুষ্টি প্ৰকাশ কৰে সকলোৱে।