মাজুলী পাৰঘাটৰ অঘোষিত চৰ্দাৰ পানীৰাম

নিউজ ডেস্ক: মাজুলী নিমাতীঘাট ফেৰী সেৱাত হোৱা দূৰ্ঘটনাত সন্ধানহীন হৈ থকা চৰকাৰী তথ্য মতে দুজনৰ এতিয়াও সুংশুত্ৰ নাই । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বর্তমানো সন্ধান নাই চিকিৎসক বিক্রমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্রেশ্বৰ বৰাৰ । নিমাতীৰ পৰা কাজিৰঙালৈ চলিল অভিযান । কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহল লোকদুজনক ।

অসমত নাও দূৰ্ঘটনা নতুন কথা নহয় । আগতেও বহুবাৰ এনে নাও দূৰ্ঘটনা ঘটি আহিছে , এইবোৰক আজিলৈকে কোনো এখন চৰকাৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে । যাৰ ফলত বিশেষকৈ চৰ-চাপৰিৰ ৰাইজে প্ৰতিদিনেই নাৱৰ টিঙত জিউটো থৈ যাতায়াত কৰে ৷ অতি বিপদসংকুল এই যাতায়াত; অথচ যুগযুগ ধৰি তেনেদৰেই চলি আছে ৷ মাজে সময়ে যেতিয়া দুৰ্ঘটনা এটা ঘটে, তেতিয়া বিষয়টো দুদিনমান চৰ্চালৈ আহে ৷ পিছত আকৌ সেই স্বাভাৱিক জীৱন যাত্ৰা ! ধুবুৰীৰ মেধৰটাৰীৰ সেই ভয়াবহ নাও দুৰ্ঘটনাটো এতিয়া হয়তো সকলোৱে পাহৰি গ’লোঁ ৷ তাৰ তদন্ত কি হ’ল কোনে জানে ।

লগতে পঢ়ক ভাৰত-বাংলাদেশ সীমান্তত মহিলা শ্ৰমিকৰ ঘৰত বিধ্বংসী অগ্নিকাণ্ড

শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰক সংযোগ কৰি সকলো ঠাইতে দলং দিয়া সম্ভৱ নহয় বুলি সকলোৱে বুজি পায় ৷ কিন্তু ‘আভ্যন্তৰীণ জল পৰিবহণ’ বুলি চৰকাৰৰ এটা বিভাগ আছে ৷ এই বিভাগটোৰ কাম কি?
ৰাজ্যৰ নদীৰ ঘাটবোৰক কেন্দ্ৰ কৰি এটা বৃহৎ ছিণ্ডিকেট চলি থাকে ৷ এই ছিণ্ডিকেটৰ লগত স্থানীয় নেতা-পালিনেতাৰ পৰা আৰম্ভ কৰি চৰকাৰৰ বিভাগীয় বিষয়ালৈকে জড়িত হৈ থাকে ৷ ‘মূলসুঁতি’ৰ মানুহবোৰে সেইখন দুনীয়াৰ একো খবৰেই নাপায় ৷

নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পাছতে মাজুলী-নিমাতীঘাটৰ মাজত চলা ফেৰী সেৱাত থকা ছিণ্ডিকেট পোহৰলৈ আহিছে। ইয়াৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ নাম। চৰকাৰী ফেৰীৰ সময় নিৰ্ধাৰণৰ পৰা পাৰঘাটত ব্যক্তিগত ফেৰীৰ দৌৰাত্ম্য চলোৱালৈকে সকলোতে সাঙোৰ খাইছে সেই বিশেষ নামটো । তেও হ’ল অভিশপ্ত মা কমলা নাও খনৰ লগতে বহু কেইখন নাৱৰ মালিক পানীৰাম কলিতা । পাৰঘাটত আভ্যন্তৰীন জলপৰিবহন বিভাগটো আছে যদিও পানীৰামৰ নিৰ্দেশতহে সকলো চলে ।

চৰকাৰী ফেৰী কেইখন অহাযোৱা কৰাৰ ক্ষেত্ৰত ৰাইজৰ অসুবিধা হোৱাকৈ সময় নিদ্ধাৰন কৰাৰ পৰা ব্যক্তিগত নাওবোৰ পাৰাপাৰ হোৱা সকলৰ সুবিধাকৈ সময় ঠিক কৰা সকলো কাম চলে পানীৰাম কলিতাৰ নিৰ্দেশত । এই গৰাকী ব্যক্তিৰ তেল ডিপুত আভ্যন্তৰীণ জল পৰিবহন বিভাগে তেলৰ বাবদ ৮০ লাখ টকা দিবলৈ থকা কথাটো পোহৰলৈ আহিছে । বিভাগটোৰ উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি ৰখাৰ বাবে ঘাটতোত থকা কোনো চাকৰিয়ালে পানীৰামৰ মুখত মাতিব নোৱাৰে ।

শেহতীয়াকৈ মাজুলী পাৰঘাটত হোৱা দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ গুৰিয়াল জন অনভিজ্ঞ লোক আছিল যাৰ বাবেই ভৰ বাৰিষাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বুলিও অভিযোগ উঠিছে ।

লগতে পঢ়ক জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন

আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ উন্নয়নৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পৰিবহন ব্যবস্থাৰ কোনো উন্নতি কৰিব নোৱাৰিলে।একোখন ৰ’ৰ’ তথা ৰ’পেক্সৰ মুল্য বাৰ কোটি তথা ততোধিক। কেন্দ্ৰীয় জল পৰিবহন চেয়াৰমেনে উদ্বোধনৰ পুৰ্বে জল যাতায়াতৰ উন্নয়ন সম্পৰ্কত কৰা ব্ৰহ্মপুত্ৰ আঁচনিৰ কথা ঘোষণা কৰি গুৱাহাটী–মাজুলীৰ বাবে অনা অত্যাধুনিক ৰ’ৰ’ জাহাজে ফেৰীৰ সমস্যা দূৰ কৰিব বুলি কৈছিল। সেই অনুসৰি মাজুলী–নিমাতীঘাটৰ বাবে দুখন, উত্তৰ গুৱাহাটী আৰু ধুবুৰীৰ বাবে এখন নিৰ্ধাৰণ কৰা হৈছিল।কিন্তু নাওবোৰ নচলিল ।

নিমাতীঘাট নাও দুৰ্ঘটনাৰ লগত সামঞ্জস্য আছে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ভটভটী দুৰ্ঘটনাৰ লগত। গুৱাহাটীৰ ভটভটী দুৰ্ঘটনাৰ কাৰণ হিচাপে জল যাতায়াতৰ নিয়ন্ত্ৰণহীনতাৰ একেই ছবিখন নিমাতীঘাটতো দেখা গ’ল।দুই এজন বিষয়াক নিলম্বিত কৰিয়েই দায়িত্ব সামৰা বিভাগীয় মন্ত্ৰী জনৰ জল পৰিবহন বিভাগটোক উন্নতি কৰাৰ কোনো ভিজন নাই , নাই কোনো আঁচনি । এনে অবস্থাত আধুনিক জল পৰিবহন ব্যবস্থাৰ প্ৰবৰ্তনৰ আশা কৰিব নোৱাৰি ।

লগতে পঢ়ক চাকৰিৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেচন ব্যৱস্থা প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply