গুৱাহাটী: নিমাতীঘাত সংঘটিত ফেৰী দুৰ্ঘটনাত উদ্বেগ আৰু দুখ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ এক বিবৃতি যোগে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সন্ধানহীন হৈ থকা লোকসকলৰ উদ্ধাৰৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি ৰৈ নাযায় চৰকাৰে তাক নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।

শংকৰদেৱৰ তিথিৰ দিনাই মহাপুৰুষীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ লোক এই দুৰ্ঘটনাৰ বলি হ’বলগীয়া হোৱাটো অধিক দুৰ্ভাগ্যজনক বুলি আখ্যা দি মাজুলী আৰু যোৰহাটৰ মাজত এখন দলং থকা হ’লে এই মৰ্মান্তিক ঘটনাটো সংঘটিত নহ’লহেতেন বুলি কয়।

বিবৃতিটোত নেতাদ্বয়ে কয় যে আভ্যন্তৰীণ জলপৰিবহন বিভাগে ফেৰীসেৱাৰ বিধি উপযুক্তভাৱে বলৱৎ আৰু নিৰীক্ষণ নকৰাৰ ফলত যে এই ঘটনা সংঘটিত হ’বলৈ পালে সেয়া স্পষ্ট৷

‘চৰকাৰী অৱহেলাৰ বাবেই সংঘটিত হোৱা এনে দুৰ্ঘটনা এয়া প্ৰথম নহয়৷ সময়ে সময়ে ৰাইজে বিভাগীয় অৱহেলা আৰু দায়িত্বহীনতা আঙুলিয়াই দি অহাৰ পিছতো চৰকাৰে শিক্ষা গ্ৰহণ নকৰিলে৷ এনে দায়িত্বীনতাৰ দায়ৰ পৰা বিভাগীয় মন্ত্ৰীগৰাকীও মুক্ত নহয,’ বিবৃতিটোত কোৱা হয়।

উদ্ধাৰ অভিযানৰ পিছত আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও কৰ্তব্যত গাফিলতি কৰাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নেতাদ্বয়ে দাবী উত্থাপন কৰে৷

লগতে পঢ়ক : যোৰহাটৰ নিমাতিঘাটত ভয়াৱহ ফেৰী দুৰ্ঘটনাত নিহত হ’ল প্ৰবক্তা পৰিমিতা দাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply