নিউজ ডেস্ক : নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখন উদ্ধাৰ কৰা হৈছে আৰু উবুৰি খাই থকা নাওখনৰ ওপৰৰ ভাগ কাটি পেলোৱা হ’ব বুলি জানিবলৈ দিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সাংবাদিকৰ আগত মুখ্য মন্ত্ৰী গৰাকীয়ে জনোৱা মতে ঘটনাস্থলীৰ পৰা ১.৫ কিলোমিটাৰ নিগলত নাওখন উদ্ধাৰ কৰা হয় যদিও নাওখন উবুৰি খাই থকাৰ লগতে পানীৰ যথেষ্ট সোঁত থকাৰ বাবে নাওখনৰ ভিতৰত লোক আবদ্ধ হৈ আছে নেকি তাক থাৱৰ কৰিব পৰা হোৱা নাই।
সেয়ে এছ ডি আৰ এফ বাহিনীয়ে নাওখনৰ ওপৰৰ ভাগ কাটি পেলোৱা কাটি পেলোৱাৰ সিদ্ধান্ত লৈছে যাতে যদি ভিতৰত কোনোবা আছে উদ্ধাৰ কৰিব যায়।
মুখ্য মন্ত্ৰীয়ে আৰু জনাই যে মন্ত্ৰী বিমল বৰা আৰু সাংসদ তপন গগৈ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিমাতীলৈ ৰাওনা হৈছে। কাইলৈ পুৱা মুখ্য মন্ত্ৰী নিজেও নিমাতীলৈ ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ফোন যোগে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো সহায়-সহযোগিতা আৰু প্ৰয়োজন হ’লে উদ্ধাৰ অভিযানৰ বাবে সেনা বাহিনীৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে জনায়।
জিলা প্ৰশাসনে টোল ফ্ৰী নম্বৰ মুকলি কৰি দিছে। তথা ভুক্তভোগী পৰিয়ালৰ পৰা তথ্য বিচাৰিছে৷ নম্বৰ দুটা ক্ৰমে 1077 আৰু 7635961522।
লগতে পঢ়ক : ডিমা হাচাওৰ বিদ্ৰোহী সংগঠন DNLA-ৰ যুদ্ধবিৰতি ঘোষণা