মাজুলীঃ আজি অসমৰ ভূমিপুত্ৰ দেউৰী জনগোষ্ঠী লোকসকলৰ ব’হাগ বিহু বা ইবাঁকু বিচু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ মাজৰ দেউৰী গাঁৱতো পৰম্পৰা ৰক্ষা কৰি ৰাইজসকলে উদযাপন কৰিলে হেঁপাহৰ বিহুটি। জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে। বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে। আনহাতে মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে।
লগতে পঢ়কঃবলীউড-পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি
লগতে বিহুৰ দিনা পুৱা সম্প্ৰীতিৰ নিদৰ্শনৰ মাজেৰে ইজনে সিজনৰ গাত বোকা সানি,গাত বোকাৰে লেটি লৈ বিহু কৰি আনন্দ উল্লাসত মতলীয়া হয় । লোক বিশ্বাস মতে এইদৰে বছৰৰ প্ৰথম দিনা দেহত বোকা সানিলে বিভিন্ন চৰ্ম ৰোগৰ পৰা উপশম পাই আৰু দেহ, মন ,মগজু শীতল হয় ।