মাজুলীঃ লুইত-খাবলো পঞ্চায়তৰ বৰবালিত ৰাইজে গাঠিৰ ধন ভাঙি সাজি উলিয়ালে ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাহঁৰ দলং।
যি সময়ত চৰকাৰে যাতায়তৰ সুবিধাৰ্থে ৰাস্তা-ঘাট, দলং নিৰ্মাণ কৰি চমক দি আহিছে তেনে সময়তে কিন্তু মাজুলী-লখিমপুৰৰ সীমামূৰীয়া লুইত-খাবলো পঞ্চায়তত ৰাইজে গাঠিৰ ধন খৰছ কৰি সাজি উলিয়ালে ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাহঁৰ দলং৷
লগতে পঢ়কঃএইবাৰ লাওঁখোৱা অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান
এই দলংখন মাজুলী-লখিমপুৰৰ সীমামূৰীয়াৰ ১০টা চৰচাপৰিত বসবাস কৰা ৰাইজৰ যাতায়তৰ বাবে সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছে।
যাতায়তৰ বাবে দুৰ্ভোগ ভুগা অঞ্চলটোৰ ৰাইজে বৰ্তমান পানী শুকুৱাৰ লগে লগে দলং নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তুলিছে ৷