নিউজ ডেস্কঃ মাজুলী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ছচিয়েল মিডিয়াত বিজেপি, অসম প্ৰদেশে ভূৱন গামৰ নাম ঘোষণা কৰিলে সমষ্টিটোৰ উপ নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী ৰূপে।

উল্লেখযোগ্য যে, তিনিজন প্ৰাৰ্থীৰ নাম বিজেপি অসম প্ৰদেশে প্ৰেৰণ কৰিছিল দিল্লীলৈ। ৭ মাৰ্চত হ’বলগীয়া এই উপ নিৰ্বাচনৰ বাবে ১৪ ফেব্ৰুৱাৰী, ২০২২ত অৱশেষত ভূৱন গামৰ নামতে শেষ মোহৰ মাৰিলে দলটোৱে।

মন কৰিবলগীয়া যে, মাজুলী উপ নিৰ্বাচনৰ বাবে কেৱল বিজেপিয়েহে নিজৰ প্ৰাৰ্থীৰ নাম বৰ্তমানলৈ ঘোষণা কৰিছে। আনবোৰ ৰাজনৈতিক দলে ঘোষণা কৰা নাই সমষ্টিটোত নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত মাজুলীত হ’বলগীয়া উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৯ মাৰ্চ, ২০২২ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply