আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহন। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ লৈছে ভোটাৰ সকলে।
২০৩টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। ১,৩৩,২২৭ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব তিনি প্ৰাৰ্থীৰ।
আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটদান বিজেপি প্ৰাৰ্থী ভুৱন গামৰ। দিনৰ ১ বজালৈকে ৪৭.৭০ শতাংশ লোকৰ ভোটদান।
দেৰগাঁৱৰ গাতে লাগি থকা মাজুলী সমষ্টিৰ দক্ষিণ আঁহতগুৰিতো পুৱাৰে ভোটদান চলি আছে ।মাজুলীৰ ভূ-খণ্ডৰ পৰা পৃথক এই বৃহত্ অঞ্চলটো।
পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। অঞ্চলটোত অৱশ্যে ভোটাৰৰ সংখ্যা একেবাৰেই কম।