অহা ১২ফেব্ৰুৱাৰীত মাজুলীৰ উপনিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ সন্দৰ্ভত ঘোষণা হব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰাৰ পিছত প্ৰাৰ্থী কোন হ’ব তাক লৈ এতিয়া চৰ্চাত। দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে মাজুলীৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও বৈঠকত বহিছে।
মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকে লৈ দুজনীয়া প্ৰাৰ্থীৰ এক পেনেল প্ৰস্তুত কৰা হৈছে বুলি দলীয় সূত্ৰত প্ৰকাশ ।
সোমবাৰে নিশা দিল্লীত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছত এই পেনেল প্ৰস্তুত কৰা হয় ।

পেনেলত অন্তৰ্ভুক্ত হোৱা চৰ্চিত নাম দুটা হৈছে বৰ্তমান লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ঠিকাদাৰ-ব্যৱসায়ী ভুৱন গাম । প্ৰদান বৰুৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ ৷
আনহাতে ভুৱন গামৰ সৈতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি মধুৰ সম্পৰ্ক । ভুৱন গামৰ কংগ্ৰেছ শাসনৰ সময়ত ভৰত নৰহ ৰাণী নৰহৰো অতি বিশ্বস্ত্ৰ আছিল। কাৰ কপাল ফুলিব সেয়া ১২ ফেব্ৰুৱাৰীৰ ভিতৰত নিশ্চিত হ’ব।

আনহাতে শেষ মূহুৰ্তত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱলোচন পেগুও মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে । পেগুৱে ইতিমধ্যে মাজুলী জিলা কংগ্ৰেছ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছে যদিও এই পৰ্যন্ত বিজেপিত যোগদান কৰা নাই ।

বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিছৰা সকলৰ ভিতৰত আছে হেমচন্দ্ৰ দলে। আনহাতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদে কাক আগবঢ়াই সেইটো এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক – বিবিচিৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ তালিকাত লাভলীনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply