মাজুলীঃ মাজুলী জিলাৰ আগশাৰীৰ মহাবিদ্যালয় পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ চলিত বৰ্ষৰ খেল সপ্তাহৰ আজি সামৰণি পৰে।
খেল সপ্তাহৰ সামৰণি উপলক্ষে পুৱা মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশ নিকাকৰণ আৰু সামূহিক মাৰ্চ-পাষ্ট প্ৰদৰ্শন কৰে।
ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰে। আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাই মন মুহিলে স্থানীয় ৰাইজৰ।
লগতে পঢ়কঃকোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ
মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়াই ।