মাজুলীঃ মাজুলীত জিলা আৰু সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।
মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
মাজুলীত ব্ৰহ্মপুত্ৰৰ ফেৰী দুৰ্ঘটনা ঘটনাক সম্পূৰ্ণৰূপে চৰকাৰক জগৰীয়া কৰে জিলা কংগ্ৰেছে।
উক্ত ঘটনাৰ সম্পূৰ্ণ ৰূপে সঠিক তদন্তৰ দাবী উত্থাপন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰে ।
লগতে পঢ়কঃ ৪দিনীয়া নৱজাতকক শিশুসুৰক্ষা গোটক দান কৰিলে নিজ মাতৃয়ে
চৰকাৰৰ হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি ব্যক্তিগত নাও সমূহৰ মালিক সকলৰ স্বাৰ্থত ৰ’পেক্স চলাচল বন্ধ কৰি থোৱা বুলি অভিযোগ উত্থাপন কৰে।
নাওখনত থকা যাত্ৰী সকলৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে।
প্ৰতিদিনে নাও পাৰ হোৱা সময়ত ফেৰীঘাটৰ দুয়ো পাৰে জিলা প্ৰশাসনৰ লোক উপস্থিত থাকিব লাগিব আৰু প্ৰতিমাহে নাও সমূহ পৰীক্ষা কৰি মাজুলীবাসীৰ জীৱন সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখিবলৈ চৰকাৰ-প্ৰশাসনক আহ্বান জনায়।