মাজুলীঃ মাজুলী-লখিমপুৰ সীমান্তৰ যোগীবাৰীত উত্তপ্ত পৰিস্থিতি। অসমত গাঁৱে গাঁৱে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা ক’ভিড ভেকচিন মাজুলী-লখিমপুৰ যোগীবাৰী গাঁৱত ঘৰে ঘৰে প্ৰদান কৰা হৈছিল।

যোগীবাৰী উপ স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মী সকলে পথাৰৰ পৰা খেৰ কাটি অহা এজন ব্যক্তিক পথত ধৰি মটৰ চাইকেলৰ ওপৰতেই ভেকচিন প্ৰদান কৰে।

লগতে পঢ়কঃডবকাত অগ্নিকাণ্ড, জাহ গ’ল এটা বাসগৃহ

ভেকচিন লোৱাৰ পাছতে উৎপল পেগু নামৰ ব্যক্তিজন মুমূৰ্ষ হৈ পৰাত পৰিয়ালৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। ইয়াৰ পাছতে সমগ্ৰ গাওঁবাসী ওলাই আহি ভেকচিন প্ৰদান কৰা স্বাস্থ্যকৰ্মী সকলক আৱদ্ধ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ইফালে উৎপল দলে নামৰ মুমূৰ্ষ ব্যক্তিজনক সংকটজনক অৱস্থাত গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ লৈ আনে। এই মুহূৰ্তলৈকে গাওঁবাসীয়ে আৱদ্ধ কৰি ৰাখিছে স্বাস্থ্যকৰ্মীৰ দলটোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply