মাজুলীঃ দ্ৰুত গতিত বৃদ্ধি পাইছে সোৱণশিৰি জলপৃষ্ঠ। বানত বুৰ গৈছে মাজুলীৰ ন ন অঞ্চল।
ইতিমধ্যে বানে বুৰাই পেলাইছে মাজুলীৰ ২০ খনৰো অধিক নৈ পৰীয়া গাওঁ । নামনি মাজুলীৰ বিৰিনাবাৰী, দুঘৰিয়া, মলাপিন্ধা, মাজৰ চাপৰি আদি গাওঁ জলমগ্ন।
তাৰপিছতে বানে বুৰালে মাজুলীৰ গড়মূৰত থকা CRPF কেম্পটো।
লগতে পঢ়কঃমানকাচৰত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ২৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে
বানৰ বাবে জোৱান সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
প্ৰতি বছৰে এই সকল জোৱানে বানৰ বাবে যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে। প্ৰত্যেক বছৰে বান আহে আৰু বানে বুৰাই নিয়ে এই CRPF কেম্পটো।
ইফালে পানীৰ মাজত জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কৰ্মীৰ আৱাস। পানীত নামিয়েই চিকিৎসালয়লৈ আহিব লগা হৈছে স্বাস্থ্যকৰ্মী সকল।