মাজুলীঃ উজনি মাজুলীৰ নতুন বজাৰত প্ৰায় পঞ্চাশ বিঘা মাটিত কৃষি কৰ্মৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা আৰম্ভ কৰিছে ধীৰেন খনিকৰ আৰু দীপক খনিকৰ নামৰ দুজন উচ্চ শিক্ষিত যুৱকে।
সম্পৰ্কত দুয়ো খুৰাক ভতিজাক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ঘৰতে এনেয়া বহি নাথাকি কৃষি কৰ্মৰ মাজেৰে দেখুৱাইছে এক আদৰ্শ।
লগতে পঢ়কঃআৰক্ষী চকীৰ কাষতে দুষ্কৃতিকাৰীয়ে ভাঙি থৈ গ’ল বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি
প্ৰায় পঞ্চাশ বিঘা মাটিত কবি, বেঙেনা, বিলাহী, লাও, জলকীয়া খেতি কৰি নিজৰ লগতে আৰু দহ জনকো দিছে সংস্থাপন।
কথাৰে নহয় কামেৰে দেখুৱাইছে এই দুই খুৰা ভতিজাই অসমীয়া গিৰিৰ পৰিচয়।