মাজুলীঃ মাজুলী জেংৰাইমুখবাসী ৰাইজৰ প্ৰবল দাবী,অনুনয়-বিনুনয়ৰ পিছত শেহতীয়াকৈ ৰাজ্যিক জলসম্পদ বিভাগে ২০১৯-২০ বিত্তীয় বৰ্ষত নাৰ্বাড পুঁজিৰে ১ কোটি ৮০ লাখ টকীয়া জিঅবেগৰ জৰিয়তে সাতশ পঞ্চাশ মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া প্ৰতিৰোধৰ প্ৰকল্প যোৱা জানুৱাৰীত আৰম্ভ কৰে।

কিন্তু যোৱা নিৰ্বাচনকে ধৰি বিভিন্ন অজ্ঞাত কাৰণত শামুকীয়া গতিৰে প্ৰকল্পৰ কাম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

আৰু পঢ়কঃঅসম আন্দোলনত নিৰ্যাতিত ভূৱন ৰাজবংশী আজিও অবহেলিত

ইফালে প্ৰকল্পৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা, ভালকৈ চল্পিং নকৰা, এটা জালনাৰ পৰা আনটো জালনাৰ লগত সংলগ্ন নকৰা, জালনাৰ প্ৰয়োজনত জিঅবেগ নিদিয়া, জিঅবেগৰ মাজত লেপিং নিদিয়া, আদি বিভিন্ন ধৰনৰ অনিয়ম,আসোঁৱাহ তথা বিসংগতি হোৱাৰ অভিযোগ উথাপিত হৈছে।

বহু কোটি টকীয়া এই প্ৰকল্পৰ জিঅ বেগত বালি ভৰাব লাগে যদিও বালিৰ সলনি ভৰাইছে বোকা মাটি যাৰফলত পানীৰ তীব্ৰ সোঁতত এনেদৰে জিঅ বেগ সমূহ নদীৰ বুকুলৈ খহি যোৱা পৰিলক্ষিত হৈছে ৷

সেয়েহে এই কামত হোৱা দুৰ্নীতি পৰিৰ্দশন কৰি জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক এক উচিত তদন্তৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply