নিউজ ডেস্কঃ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা তিনিটা গঁড়ক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে মাজুলী আৰু দলগাঁৱত।

মাজুলীত পুৱাই দৰিয়া দলঙৰ সমীপত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা গঁড়।

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে গঁড়টো।

আনফালে, দৰঙৰ দলগাঁৱৰ ৰুহিনীকাষ গাওঁ আৰু গধাইঝাৰ গাৱঁটো দুটা গঁড়ে জনাঞ্চলত প্ৰৱেশ কৰি মুক্তভাৱে বিচৰণ কৰে।

গঁড়ৰ আক্ৰমণত গদাইঝাৰ গাঁৱৰ এজন শিক্ষকো গুৰুতৰভাৱে আহত হৈছে।

সংকট জনক অৱস্থাত শিক্ষকজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।

দলগাওঁ আৰক্ষী আৰু বন বিভাগৰ লোকে গঁড় দুটাক উদ্বাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই ।

উল্লেখযোগ্য যে, গঁড় দুটাক টেংকুলাইজ কৰিবলৈ গুৱাহাটী চিৰিয়াখানাৰ পৰা বন বিষয়া আৰু চিকিৎসকৰ দল ৰাওনা হৈছে দলগাওঁ লৈ ।

খাদ্যৰ সন্ধানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড় দুটা ওলাই আহিছে।

এইদৰে গঁড়ৰ মুক্ত বিচৰণক লৈ এতিয়া সৰ্বত্ৰে আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply