মাজুলীঃ মাজুলীত উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণডংকা। উপ-নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিৰোধী দল কংগ্ৰেছে।
আগন্তুক উপ নিৰ্বাচনত নতুন মুখ দেখা পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ পুৰণি কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগুৰ নাম।
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুৱে সভাপতি পদ ত্যাগ কৰাৰ পাছতেই উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ।
কংগ্ৰেছৰ সাধাৰন সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য সহ কংগ্ৰেছ নেতাসকলে ৰাজীব লোচন পেগুৱে যাতে দল এৰি নাযায় তাক লৈ সৈমান কৰোৱাত ব্যস্ত হৈছে ।
মাজুলীত উপনিৰ্বাচনত কাক প্ৰাৰ্থীত্ব দিব এই সন্দৰ্ভত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে এইটো ৰাইজে বিচৰা ধৰণে হ’ব প্ৰাৰ্থী হ’ব এইটো হাইকামাণ্ডৰ বিষয়। আমি কেৱল সাংগঠনিক দিশতহে গুৰুত্ব আৰোপ কৰিছো।
লগতে পঢ়কঃগোৰেশ্বৰত ২ সন্তানৰ পিতৃয়ে পলুৱাই লৈ গ’ল নাবালিকাক
ইফালে মাজুলী জিলা কংগ্ৰেছৰ জিলা সভাপতি পদৰ পৰা ৰাজীৱ লোচন পেগুৱে সভাপতি পদত্যাগ কৰাৰ পাছত অধিক চৰ্চা লাভ কৰিছিল এই প্ৰসংগই।
তেওঁক বিজেপিৰ অন্যতম টিকট প্রত্যাশী বুলিও ধাৰণা কৰা হৈছিল। এই চৰ্চা চলি থকাৰ সময়তে অগপ-বিজেপি আৰু গণ শক্তিৰ মিত্ৰজোঁটে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। উপনিৰ্বাচনত অন্য দলৰ পৰা ব্যক্তিক সমৰ্থন নিদিয়ে মিত্ৰশক্তিয়ে।
লগতে পঢ়ক মূল্যবৃদ্ধিক লৈ সোণাৰিত আছুৰ বিক্ষোভ