মাজুলীঃ মাজুলীৰ আঁহতগুৰি হুতাৰত ভয়াবহ খহনীয়া। লুইতৰ বুকুত জাহ গৈছে ইখনৰ পাছত সিখন গাওঁ, বিদ্যালয়, কৃষিভূমি।

নদীদ্বীপ আহঁতগুৰিৰ ২০ খন গাঁৱৰ গঞাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

হুতাৰ গাঁৱখনৰ বহুকেইটা পৰিয়াল খহনীয়াত জাহ যোৱাৰ সমান্তৰাল ভাবে অঞ্চলটোৰ শিকলি চাপৰি হুতাৰ প্ৰথমিক বিদ্যালয় খহনীয়াত জাহ গৈছে।

লগতে পঢ়কঃকিশোৰী সন্ধানহীন হোৱা ঘটনাকলৈ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি

ইতিমধ্যে বিদ্যালয়খনৰ মূল ঘৰটোৰ আধা সোমাই গৈছে নদীত। স্থানীয় ৰাইজে লগ হৈ বিদ্যালয়খনৰ সা -সামগ্ৰী দুই এপদ উদ্ধাৰ কৰিছে।

চৰকাৰ-প্ৰশাসনক খবৰ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply