দেৰগাঁওঃ ব্ৰহ্মপুত্ৰৰ এৰাসুঁতিয়ে চপৰা-চপৰে খহাইছে এটা পকী পথ। দক্ষিণ মাজুলী, খুমটাই আৰু বোকাখাত সংযোগী পকী পথটো এৰাসুঁতিৰ খহনীয়াই ইমানেই ভয়াৱহ ভাৱে খহাইছে যে আৰু কিছু অংশহে বাকী আছেগৈ। খহনীয়াৰ প্ৰকোপত এই পকী পথটো যদিহে চিগি যায় তেনেহ’লে দক্ষিণ মাজুলী, খুমটাই আৰু বোকাখাত সমষ্টিৰ বহু অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিব।
লগতে পঢ়কঃৰাজ্যৰ বানপৰিস্থিতিকলৈ জিলা উপায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
পকী পথটোৰ এনে ভয়াৱহ পৰ্য্যায় পোৱাৰ পিছতো ৰজাঘৰীয়াৰ একো খবৰ নোহোৱাত জাঙুৰ খাই পৰিছে স্থানীয় লোক। কেৱল ভোটৰ আশাত ৰাইজৰ কাষ চপা জনপ্ৰতিনিধিয়ে অহাবাৰলৈ ভোট বিচাৰি আহিলে খেদা হ’ব বুলি মন্তব্য কৰিছে ক্ষোভিত জনতাই।