মাজুলী: মাজুলীৰ বিভিন্ন অঞ্চলত ব্যাপক খহনীয়াই মাজুলীৰ ভৌগলিক সুৰক্ষালৈ অশনি সংকেত কঢ়িয়াই আনিছে। কৰতিপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে কালৰূপ।
নিজৰ সপোনৰ ঘৰখনত নিজ হাতে ভাঙি অন্যস্থানলৈ স্থানান্তৰিত হৈছে চামগুৰিবাসী ৰাইজ।
চৰকাৰ-প্ৰশাসনৰ পৰা সহাৰি নোপোৱা গাওঁবাসীয়ে নেদেখাজনৰ ওচৰত শৰণ লৈ নিজৰ অৱশিষ্ট ভূমি ৰক্ষাৰ বাবে উপায়ন্তৰ হৈ ব্ৰহ্মপুত্ৰ নদীক পূজা-অৰ্চনা কৰিছে ।
আৰু পঢ়ক: মনি মাজুলীৰ চামগুৰিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰীৰ পলায়ন
আনহাতে মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বাৰিষা কেইডালমান নিম্নমানৰ পাৰ্কুপাইন পেলাই নিজৰ দায়িত্ব সামৰাৰ চেষ্টা কৰিছে ।
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ এনে কাৰ্যত ক্ষোভিত হৈ বান খহনীয়াত বিধস্ত নৈ পৰীয়া গাওঁবাসী । কোটি-কোটি টকাৰ জিঅ’ বেগৰ আঁচনি জাহ গৈছে ব্ৰহ্মপুত্ৰত ।
খৰালি নহয় ভৰ বাৰিষা কাম কৰিবলৈ উঠি পৰি লাগে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা বিভাগসমূহ । খৰালি কাম নকৰাৰ পৰিণতিত খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰি বিপদ কঢ়িয়াই আনিছে অঞ্চলবাসীলৈ। ইতিমধ্যে পানী বাঢ়ি অহাৰ লগে লগে চামগুৰি গাওঁবাসীয়ে বিনিদ্ৰ ৰজনী অতিবাহিত কৰিব লগীয়া হৈছে ।