মাজুলীঃ মাজুলীত আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক। ধৃত ভুৱা চিকিৎসক জনৰ নাম অৰবিন্দ ঘোষ।

অৰবিন্দ ঘোষৰ ঘৰ উজনি মাজুলীৰ নয়াবজাৰত। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত লাচোন গাৱঁৰ পৰা গোপন সূত্ৰৰ পম খেদি নয়াবজাৰ আৰক্ষীয়ে আটক কৰিলে ভুৱা চিকিৎসকজনক।

লগতে পঢ়কঃক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য

মাজুলীৰ লাচোন গাঁৱত আছে ভুৱা চিকিৎসক গৰাকীৰ নিজা চেম্বাৰ। বিগত কেইবাবছৰো ধৰি এই ভুৱা স্বয়ম্ভু চিকিৎসক জনে বহুতো ৰোগীক চিকিৎসা কৰি আহিছে বুলি স্থানীয় লোকে ব্যক্ত কৰিছে। আৰক্ষীয়ে অৰবিন্দ ঘোষৰ চেম্বাৰৰ পৰা বহু দৰব জব্দ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply