নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাস্থলীত National Disaster Response Force, India আৰু State Disaster Response Force, Assam বাহিনীয়ে চলোৱা উদ্ধাৰ অভিযান অব্যাহত আছে । সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাক বিচাৰি নিমাতীঘাটত আত্মীয়ৰ হাহাকাৰ। আত্মীয়ৰ ক্ষোভ-উদ্ধাৰৰ নামত হেলিকপ্টাৰ উৰুৱাই নাটক কৰিছে এতিয়া ।
বৰ্তমানেও সন্ধানহীন হৈ আছে নাওবৈচাৰ ইন্দেশ্বৰ জান বৰা ।কালি পত্নীৰ সৈতে ঢেকীয়াখোৱা নামঘৰৰ পৰা উভতি যোৱাৰ সময়ত হোৱা দূৰ্ঘটনাত পত্নী সহ বহুজনক উদ্ধাৰ কৰে যদিও বৰ্তমান সময়লৈকে তেওৰ নিজৰেই সন্ধান নাই ।
গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিত বৰা নাও দুৰ্ঘটনাত বৰ্তমানো সন্ধানহীন হৈ আছে। দুৰ্ঘটনাৰ পিছৰে পৰা কোনো সন্ধান লাভ পোৱা নাই চিকিৎসকজনৰ।দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হৈছে নাওখন। কাটি টুকুৰা টুকুৰ কৰি এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে অভিশপ্ত নাওখন। কিন্তু নাওখনৰ ভিতৰত কোনো যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
ঘটনাস্থলী ভ্ৰমণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে নিমাতী-মাজুলীৰ মাজত এটা ইঞ্জিনৰ নাও নিষিদ্ধ কৰিছে |
এতিয়াৰে পৰা ৬খন চৰকাৰী ফেৰী চলিব , ৰ’পেক্স দুখনো চলিব |
নাও দুৰ্ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীক ফৌজাদাৰী গোচৰ ৰুজু কৰাৰ নিৰ্দেশ।
যোৰহাট-মাজুলীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো নাও-ফেৰী আজিৰে পৰা নিষিদ্ধ।
ছিংগল ইঞ্জিনক ডাবল ইঞ্জিন কৰিবলৈ চৰকাৰে ১০ লাখকৈ টকা দিব।
নাও দূৰ্ঘটনাত নিহত পৰিমিতা দাসৰ পৰিয়াললৈ সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব চৰকাৰে।
নৱেম্বৰ মাহৰ পৰা মাজুলীৰ দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হ’ব। কাম সম্পূৰ্ণ কৰোতে ৪ বছৰ লাগিব।
নাও দুৰ্ঘটনাৰ বুজ লৈ নিমাতীঘাটত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
দলং নিৰ্মাণৰ নামত চলাই থকা ভেকোভাওনাক লৈ মাজুলীত আছুৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোক ওলাই আহিল ৰাজপথলৈ |
লগতে পঢ়ক স্বাবলম্বী হোৱাৰ সংগ্ৰামত লখিমপুৰৰ যুৱতী ধৰিত্ৰী গগৈ