নিউজ ডেস্ক: চিৰাচৰিত নিয়ম অনুসৰি নিমাতিৰ ভয়ংকৰ দূৰ্ঘটনাৰ তদন্ত আগবাঢ়িছে। যি গৰাকী শাখা বিষয়াৰ অধীনত ইমানদিনে ঘাটতো চলি আহিছে তাৰ বিপৰীতে তেও নিৰ্দেশত চলা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনক ধৰি আগবাঢ়িছে তদন্ত ।শেহতীয়াকৈ দূৰ্ঘটনাগ্ৰস্থ নাওখনৰ মালিক মাজুলীৰ পানীৰাম কলিতা আৰক্ষীৰ জালত পৰিছে ।

মাল কঢ়িওৱা মজদুৰে প্ৰথম দিনা নাও চলাবলৈ যোৱাৰ পৰিণতি আছিল নিমাতীঘাটৰ দুৰ্ঘটনা। আৰক্ষীয়ে ১১জনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য। ঘটনাৰ পাছতে পলায়ন ‘মা কমলা’ নাৱৰ কোটিপতি স্বত্বাধিকাৰী। আনফালে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৬জন মাষ্টাৰৰোল কৰ্মচাৰীক। কিন্তু ৰৌ-বৰালি জালত পৰিবলৈ এতিয়াও বহু সময়।

তদন্ত আগবাঢ়িছে যদিও আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও উচ্চপদস্থ বিষয়া এতিয়াও তদন্তৰ আওতালৈ অহা নাই । যোৰহাটৰ নিমাতীঘাটত দীৰ্ঘদিন ধৰি অনিয়ম চলি থকাৰ অভিযোগ আছে । ব্যক্তিগত খন্ডৰ নাও সমূহৰ সৈতে গোপন বুজাবুজিৰে তেওলোকক অধিক সময় চলাবলৈ দিয়াৰ অভিযোগ আছে । জল পৰিবহন বিভাগৰ নাও সমূহ যাত্ৰী কম থকাৰ সময়ত চলাৰ আঁৰতো বিভাগটোৰ উচ্চপদস্থ বিষয়াসকল জড়িত হৈ আহিছে ।
ব্যক্তিগত নাও সমূহে অত্যধিক যাত্ৰী কঢ়িওৱা কাৰ্যৰ ক্ষেত্ৰত বিভাগীয় ভাবে কোনো ব্যবস্থা নোলোৱাৰ আঁৰতো এই বিষয়াসকল ।এতিয়া তদন্তৰ নামত এই বিষয়াসকলক একাষৰীয়া কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনমানৰ ওপৰত দোষ জাপিবলৈ চেষ্টা কৰা কাৰ্যই তদন্ত প্ৰক্ৰিয়া কোন দিশে গতি কৰিছে সেইবোৰ পোহৰলৈ আহিছে ।

আভ্যন্তৰীণ জলপৰিবহণ নিগমৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ ফেৰী পৰিৱহন ব্যবস্থাটো সুচাৰু ৰূপে পৰিচালনা কৰিবৰ বাবে দায়িত্বত থকা বিষয়াজন হ’ল অসীম বৰুৱা । শাখা পৰিচালক অসীম বৰুৱাৰ অধীনতেই আছে ১০৬ জন কৰ্মচাৰী ।

লগতে পঢ়ক মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাক লৈ হাহাকাৰ ৰাইজৰ মাজত


নিমাতী মাজুলীৰ মাজত চলা অধিকাংশ ফেৰীতেই ফিটনেছ চাৰ্টিফিকেট আৰু গুৰিয়ালৰ লাইচেন্স নাই | এইসকলক চলাই যোৱাৰ অনুমতি দিছিল অসীম বৰুৱাই । ঘটনাৰ দিনা অফিছিয়েল চুটীৰ বাবেই ঘাটটোত চলি থকা অনিয়মবোৰৰ পৰা ক্লিনশ্বিট কোনে দিছে ।

নিমাতীঘাটৰ অফলাঘাটৰ ফেৰী সেৱাৰ দায়িত্বত থকা ৰাতুল তামুলীক দূৰ্ঘটনাৰ দিনাৰ দায়িত্বত থকা বাবেই ততালিকে নিলম্বন কৰাৰ বিপৰীতে ঘাটটোত চলাই থকা অৰাজকতাৰ মূল কান্ডাৰী অসীম বৰুৱা এতিয়া মুক্ত । সঞ্চালকৰ পৰা মন্ত্ৰীলৈকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰখা এই গৰাকী অসীম বৰুৱাই নীতিবহিভূত ভাবে ব্যক্তিগত নাওবোৰ চলিবলৈ দিয়াৰ বিপৰীতে বিভাগীয় নাওবোৰক ধ্বংস কৰাৰ তদন্ত কোনে কৰিব ।

লগতে পঢ়ক বিশ্বনাথত ব্ৰহ্মপুত্ৰত এটি বেগ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply