পৰিণীতা দাস

যোৰহাট মাজুলী ফেৰী দূৰ্ঘটনতাত এই পৰ্যন্ত তিনিজনৰ মৃত্যুৰ খবৰ । মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসৰ মৃত্যু ঘটিছে ফেৰী দুৰ্ঘটনাত । প্ৰবক্তাগৰাকীক সংকতজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটিছে পৰিমিতা দাসৰ । পৰিমীতা দাসৰ ঘৰ গুৱাহাটীৰ কাহিলীপৰাত । শিক্ষানুষ্ঠান খোলাৰ পিছত কলেজত যোগদাৰ বাবে গৈ আছিল পৰিমিতা ৷ ৭ মাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল পৰিমিতাই |

৭ টা শিশু উদ্ধাৰ কৰা হৈছে । ইয়াৰ লগতে প্ৰায় এশযাত্ৰী উদ্ধাৰ হৈছে । বহু সংখ্যক যাত্ৰী সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হৈছে । কিন্তু বহু যাত্ৰী ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতত উটি যোৱাৰ আশংকা কৰা হৈছে । ইয়াৰে মহিলা আৰু শিশুও আছে ।

এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰী নিৰ্দেশত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ তদন্ত ঘোষণা । কাইলৈ যোৰহাট আৰু মাজুলীলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

বৰ্তমান পৰ্যন্ত তিনিজনৰ মৃত্যু । মাজুলী প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ 1077

অসমৰ জলপৰিবহণ ব্যৱস্থাৰ ফোপোলা স্বৰূপ আকৌ এবাৰ উন্মোচিত ৷ ফেৰী বিলাকত যে অত্যধিক যাত্ৰী কঢ়িয়াই আৰু যাত্ৰীৰ সংখ্যাৰ সঠিক হিচাপ কাহানিও নাথাকে সেই সত্য আজিৰ দুৰ্ঘটনাত আকৌ এবাৰ প্ৰমাণ কৰিলে৷ অসমৰ জলপৰিবহণ নাই যাত্ৰীৰ হিচাপ নাই সুৰক্ষা নাই কোনো উপযুক্ত উদ্ধাৰ ব্যৱস্থা । নিশা হৈ অহাৰ লগে লগে বাধা আহি পৰিছে উদ্ধাৰ অভিযানত । এতিয়াও বহু সংখ্যকলোক সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক কুকুৰমাৰাৰ মাজনী ৰেষ্টুৰেণ্টত নিশা হ’লেই চলে যৌনতাৰ বেহা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply