মাজুলীঃ ৰাজ্য জোকাৰি যোৱা ৮ছেপ্তেম্বৰত সংঘটিত নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পিছতেই চৰকাৰে বন্ধ কৰি দিয়ে এটা ইঞ্জিন চালিত নাওসমূহ।

মাজুলী -নিমাতীঘাটলৈ এতিয়া সময় অনুসৰি চলি আছে দুই-এখন চৰকাৰী ফেৰী। টিকটৰ বাবেও যাত্ৰীসকলে বহু সময় ধৰি শাৰী পাতিবলগীয়া হয়। যি কেইখন চলি আছে নিদিৰ্ষ্ট সংখ্যক যাত্ৰী কঢ়িওৱাৰ বাবে বহু যাত্ৰী ফেৰীঘাটতে নিশা পাৰ কৰিবলগীয়া অৱস্থা হৈছে।

যিহেতু যোৰহাট-মাজুলী যোগাযোগৰ একমাত্ৰ যাতায়ত জল পৰিবহণৰ ওপৰতেই ৰাইজ নিৰ্ভৰশীল।মাজুলীবাসী ৰাইজৰ চিকিৎসা , পঢ়া-শুনাকে আদি কৰি সকলো যাৱতীয় কাম-কাজ যোৰহাট জিলাতেই সম্পন্ন হয়। এনেকুৱা সময়ত চৰকাৰী দুই -এখন ৰ’ৰ’, ৰ’পেক্স নিৰ্দিষ্ট সময়ত চলোৱাৰ বাবে জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।

শিক্ষাৰ্থী সকলেও নিদিৰ্ষ্ট সময়মতে পৰীক্ষা গৃহত উপস্থিত হ’ব নোৱাৰা খবৰো আহি পৰিছে।

ইফালে আজিৰ পৰা আভ্যন্তৰীণ জল পৰিবহন নিগমে মাজুলী-নিমাতী ফেৰীঘাটত নতুন সময়সূচী ঘোষণা কৰিছে।

লগতে পঢ়কঃনিমাতীঘাটৰ নাও দূৰ্ঘটনাৰ তদন্ত কোন দিশে

নিমাতীৰ পৰা অফলামুখলৈ ৰ’পেক্স চলিব পুৱা ৯বজাত আৰু বিয়লি ৩বজা। অফলামুখৰ পৰা নিমাতীলৈ চলিব পুৱা ৯বজাত আৰু বিয়লি ৩বজাত।

কমলাবাৰীৰ পৰা নিমাতীলৈ এম ভি পানৈ চলিব পুৱা ৮ বজাত আৰু বিয়লি ১বজাত।

আনহাতে নিমাতীৰ পৰা কমলাবাৰীলৈ পুৱা ১০.৩০ বজা আৰু বিয়লি চলিব ৩বজাত।

পিছে যাত্ৰী অনুপাতে চৰকাৰী জাহাজ সীমিত হোৱাত ৰাইজৰ মাজত অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে জাহাজৰ সংখ্যা বৃদ্ধি কৰিবলৈ চৰকাৰক মাজুলীবাসী ৰাইজে আহ্বান জনাইছে।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰাত একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷

সেইদৰে ৰ’পেক্সৰ টিকটৰ বাবে যাত্রীৰ দীঘলীয়া শাৰীৰ প্রসংগত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে অচিৰেই অনলাইনযোগেও টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে টিকট দিয়াৰ ব্যৱস্থা কৰিব৷

এসপ্তাহৰ ভিতৰত এই ব্যৱস্থা কার্যকৰী কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ বাবে তেওঁ গুৱাহাটীৰ পৰা এমট্র’নৰ বিষয়া–কর্মচাৰী নিমাতীঘাটলৈ মাতি আনিছে৷

তেওঁলোকে বর্তমান জৰীপ চলাই আছে৷ জলপথেৰে যাত্রা কৰা প্রতিগৰাকী লোকে লাইফ জেকেট পিন্ধাটো নিশ্চিত কৰাৰ লগতে যাত্রীসকলৰ নাম–ঠিকনা আৰু ফোন নম্বৰ লিপিবদ্ধ কৰাৰো ব্যৱস্থা কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply