নিমাতী-মাজুলীৰ মাজত অৱশেষত বন্ধ হ’ল বিভাগীয় ফেৰী সেৱা । মূলতঃ তেলৰ অভাৱতে বন্ধ হ’ল নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰা ৰ’পেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ বন্ধ ৰাখিব লগা হৈছে ।
আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ একো জনোৱা নাই যদিও জাহাজত থকা কৰ্মী সকলে তেলৰ অভাবৰ বাবেই ইয়াক বন্ধ কৰি থোৱা হৈছে বুলি জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ বুকুৰ অফলামুখত এখন ফেৰীৰ বাবে যাত্ৰীয়ে হাহাকাৰ কৰা পৰিলক্ষিত হয় আজিৰ দিনটোত ৷
ৰ’পেক্সত টিকট কটাৰ পিছতো গন্তব্য স্থানলৈ যাবলৈ নোপোৱা যাত্ৰীসকলে এখন ফেৰীৰ বাবে ঘাটতে অপেক্ষা কৰিবলগীয়া হয় ৷ দৰাচলতে, তেলৰ ডিপোত বকেয়া ধন আদায় নিদিয়াৰ বাবে তেল যোগান নধৰাত এই সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
এটা দূৰ্ঘটনাত তিনিজনকৈ যাত্ৰীয়ে মৃত্যুক আকোৱালী ল’ব লগা হোৱাৰ পিছতেই ৰাইজৰ দাবীত ৰ’পেক্স সেৱা আৰম্ভ কৰিছিল। ব্যক্তিগত নাও সমূহতো দুটা ইঞ্জিন লগোৱাৰ কথা কোৱা হৈছিল যদিও বহু নাৱে আজিলৈকে দুটা ইঞ্জিন নলগালে।