মাজুলীঃ মাজুলীত এক কেজি ,দুই কেজি নহয়, ২০কেজি ওজনৰ বৰালি চাবলৈ ৰাইজৰ ভিৰ।
শস্য-মৎস্যৰে নদন-বদন মাজুলীত এতিয়া মাছৰ উজান উঠাৰ সময়। সোৱণশিৰি, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে প্লাৱিত হয় পথাৰ।
এনে ন-পানীৰে প্লাৱিত পথাৰৰ পৰা এজন লোকে ধৰিলে প্রায় ২০,৫০০ কিঃগ্ৰা ওজনৰ এটা বৰালি মাছ।
নামনি মাজুলীৰ বেবেজীয়া পথাৰত শ্যামন্ত দাস নামৰ এজন ব্যক্তিৰ পঁচাত পৰিল এই ডাঙৰ মাছটো।
আৰু পঢ়কঃৰঙিয়াত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
৭ ফুট দৈর্ঘ্যৰ মাছটো পানীৰ পৰা দুজনে ভাৰ কৰি দাঙি আনিলে। ইয়াৰ পাছতে মাছটো চাবলৈ ৰাইজৰ সোঁত ববলৈ ধৰিলে।
কোনোৱে চুই চালে , কোনোৱে আকৌ ম’বাইলত লৈছে মাছটোৰ ফটো। একাংশ মহিলাই আকৌ নিজৰ সন্তানক মাছটোক দেখুৱাব লৈ আহিল। মুঠতে সকলোৱে হেপাঁহেৰে চালে ইমান ডাঙৰ মাছটো।
ইয়াৰ পাছতে মাছটোক কেজি ৫০০টকা দৰত ভাগ কৰি উজানৰ সোৱাদ ললে ৰাইজে।