মাজুলীঃ ভাদ মাহৰ বানে বুৰাইছে মাজুলীৰ বহু কেইখন গাওঁ। মাজুলীৰ মথাউৰীৰ বাহিৰৰ শালমৰা, দক্ষিণপাট কুমাৰ গাঁও, মাজৰ চাপৰি, চুমৈ মাৰি, গেজিং আদি কুৰি খনৰ অধিক গাওঁ জলমগ্ন।

ইফালে এক প্ৰকাৰে এই ভাদ মাহৰ বান আৰ্শীবাদ হৈ পৰিছে কৃষকৰ বাবে। যিহেতু পানীৰ অভাৱত পথাৰৰ ৰোৱা বাওধান পথাৰতে শুকাই গৈছিল।এই বানে সেই সকল কৃষকৰ মুখলৈ অন্তত হাঁহি বিৰিঙাব পাৰিব।

লগতে পঢ়কঃচৰাইদেউত ব্যক্তিগত চাহবাগিছাৰ পৰা পোন্ধৰ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ

আনহাতে, এই বানে নৈ পৰীয়া এই সকল ৰাইজলৈ দুৰ্ভোগ কঢ়িয়াই আনিছে।

ইফালে বানপানীৰ বাবে ফেৰী সেৱা বন্ধ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মাজুলীবাসী ৰাইজ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply