মাজুলীঃ গঁড় খেদাত ব্যৰ্থ হোৱাত নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা বনবিভাগৰ।

মাজুলীৰ কেৰেলা চাপৰিত দীৰ্ঘদিন ধৰি মুক্ত বিচৰণ কৰি আছে এটা গঁড়ে।

গঁড়ৰ মুক্ত বিচৰণত আতংকিত মাজুলীবাসী ৰাইজ ।

গঁড়টো কাজিৰঙালৈ ঘূৰাই পঠাবলৈ বন বিভাগে দিনে -নিশাই আপ্ৰাণ চেষ্টা কৰিও বিফল হ’ব লগা হৈছে।

লগতে পঢ়কঃঅভয়াপুৰীত দোকানৰ ভিতৰত সোমাল উইংগাৰ বাহন

চাপৰিৰ পৰা সুকলমে গঁড়টো কাজিৰঙালৈ ওভতাই পঠোৱাত ব্যৰ্থ বন বিভাগৰ এতিয়া শেষ আশ্ৰয় নেদেখা জনৰ।

জংঘলৰ মাজত ভোগ-নৈবদ্য আগবঢ়াই ধূপ-দ্বীপ জ্বলাই সেৱা লৈছে বনকর্মী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply