YouTube video

মাজুলী: বান বিধস্ত মাজুলীত সেউজীয়া সপোন ৰচাত ব্যস্ত মাজুলীৰ কৃষক। আহাৰ মহীয়া চহা কৃষিজীৱী লোকসকলে পথাৰত ভূই ৰোৱা,কঠিয়া তোলাত ব্যস্ত।

মাজুলীৰ পথাৰত এগৰাকী কিশোৰীয়ে দৃষ্টি কাঢ়িছে সকলোৰে। নাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে কিশোৰীগৰাকীয়ে।

কিশোৰী গৰাকী মাজুলী চামগুৰি বনিয়া গাঁৱৰ ৰিম্পী ভড়ালী। মাজুলী মেৰাগঁড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত পঢ়ি আছে ৰিম্পীয়ে।পিতৃ দাদু ভড়ালী কৰ্মসূত্ৰে থাকে হাদৰাবাদত।

আৰু পঢ়ক: তামুলপুৰ আদৰ্শ ক’ভিড টীকাকৰণ কেন্দ্ৰত ভেকচিনৰ বাবে দীঘলীয়া শাৰী

সেয়ে মেধাৱী ৰিম্পীয়ে মাতৃ কুনকুনী ভড়ালীক সকলো সময়তে সহায় কৰে । কঠিয়া তোলা,ভূই ৰোৱা,আদি সকলোতে পাৰ্গত তাই।

মোমায়েকে হালবাই থাকিলে তাইয়ো হালখন বায় দিয়ে। মাজুলীৰ শালীতলীৰ পথাৰত প্ৰতিদিনৰ এই দৃশ্যই এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply