মাজুলীঃ এটি বিশেষভাৱে সক্ষম শিশু। মাজুলীৰ শ্ৰীৰাম দেৱত্তৰ গাঁৱৰ শিশুটিৰ নাম ভাস্কৰজ্যোতি পেগু। সৰুৰপৰা বিশেষভাৱে সক্ষম ভাস্কৰৰ সক্ষমতা দূৰ কৰিবলৈ কৰিবলগীয়া অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন লক্ষাধিক টকাৰ। ঘৰৰ সকলো সা-সম্পত্তি, মাটি-বাৰী বিক্ৰী কৰি ভাস্কৰৰ চিকিৎসা কৰিছে যদিও এতিয়ালৈকে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ভাস্কৰ। ভাস্কৰ সুস্থ হ’বলৈ প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। সেয়ে ভাস্কৰৰ সুস্থতাৰ বাবে মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি প্ৰেৰণ কৰিছে পিতৃ-মাতৃয়ে।
ভাস্কৰৰ পিতৃয়ে কয়, ”মাটি-বাৰী বিক্ৰী কৰি ভাস্কৰৰ চিকিৎসা কৰিলো কিন্তু এতিয়ালৈকে ভাস্কৰ সুস্থ নহ’ল। মুখ্যমন্ত্ৰী ছাৰ এই ল’ৰাজনক সুস্থ কৰি তোলাত সহায় কৰক।”
লগতে ভাস্কৰে অধ্যয়ন কৰি থকা বিদ্যালয়ৰ এজন শিক্ষকে কয়, ”আজিকালি আধুনিক যিমান চিকিৎসা আছে এই চিকিৎসাৰ জৰিয়তে তাৰ হাতৰ আঙুলিখিনি ঠিক কৰাৰ কিছু সম্ভৱনা আছে। যিহেতু তেওঁলোকৰ ঘৰুৱা পৰিবেশ বা আৰ্থিক দৈন্যতাৰ বাবে এইটো কেৱল অবিভাৱক বা কেৱল কোনোৱা এনজিঅ’ হওক বা শিক্ষক সকলৰ সীমিত আৰ্থিক সাহাৰ্য্যৰে এইটো কেতিয়াও কৰিব নোৱাৰি। যদি চৰকাৰে এটা ভূমিকা লয় শিশু উন্নয়নৰ কাৰণে,শিশুসকলৰ ভবিষ্যতৰ কাৰণে তেতিয়া হ’লে মই ভাবো এই শিশুটোৱে অদূৰ ভৱিষ্যতে হাতেৰে লিখিব পৰা হ’ব।”
আনহাতে ভাস্কৰৰ সুস্থতাৰ বাবে যদি কোনো হৃদয়বান লোকে সহায় আগবঢ়াব বিচাৰে তেনেহ’লে তলত দিয়া AC NO:– 7209026023184 , IFSC: PUNB0RRBAGB একাউন্ট যোগে সহায়ৰ ধন আগবঢ়াবলৈও পৰিয়ালৰলোকে আবেদন জনাইছে।