মাজুলীঃ বহু প্ৰত্যাশিত মাজুলীৰ দলঙৰ খুঁটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ পাটত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই পোনে পোনে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলী উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলাৰ দুটাকৈ সাংবাদিকৰ সংগঠন আপকু আৰু সাংবাদিক সন্থাৰ কুৰি গৰাকীৰো অধিক সাংবাদিকৰ লগত মত বিনিময় কৰে।
লগতে পঢ়কঃএটা চাউলত চাৰিখন ৰঙীন ৰাষ্ট্ৰীয় পতাকা অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত
মুখ্যমন্ত্ৰী গৰাকীক আপকু মাজুলী জিলাৰ সভাপতি জ্যোতিষ কুমাৰ তামুলীয়ে এখন চেলেং চাদৰ, সম্পাদক ভাস্কৰ বৰাই ফুলাম গামোচা আৰু ভাস্কৰ কটকীয়ে এখন সঁফুৰাৰে সম্বৰ্ধনা জনায়।
মাজুলী জিলা ইলেকট্ৰ’নিক মিডিয়াৰ সম্পাদক তীৰ্থ ভূঞাই ঐতিহাসিক আউনীআটী সত্ৰৰ ৪ বছৰীয়া হেঙুল হাইতাল বুলোৱা ফুলাম বিচনীৰে সম্বৰ্ধনা জনায়।
আনহাতে সাংবাদিক সন্থাৰ তৰফৰ পৰাও সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীগৰাকীক। ইফালে এই অনুষ্ঠানতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা নিৰুদ্দিষ্ট হোৱাৰ পিছত মেঘালয়ত মৃতদেহ উদ্ধাৰ হোৱা মাজুলী গড়মূৰ গোপালপুৰৰ যুৱক সন্দীপ ভূঞাৰ মৃত্যুৰ তদন্তৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।