মাজুলীঃমাজুলীৰ বালি জকাই বোৱাত বিশেষ প্ৰস্তুতি। এটি ঘৰ মেৰামতি কৰাত ৰাইজৰ যুদ্ধকালীন তৎপৰতা।
১৮ নৱেম্বৰত মাজুলীৰ ৰাস লীলা উপভোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাস উপভোগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মিচিং জনগোষ্ঠীৰ চাং ঘৰতে নিশাটো কটাব।
লগতে পঢ়কঃপঞ্জাৱলৈ যোৱাৰ পথত যোৰহাটৰ চিত্ৰশিল্পী যতীন গগৈ নিৰুদ্দেশ
মাজুলী বালি জকাই বোৱা প্ৰণৱ পায়েং নামৰ এজন ব্যক্তিৰ গৃহত নিশাটো কটাব মুখ্যমন্ত্ৰী গৰাকীয়ে।
বাঁহৰ বিচনা, থলুৱা পৰম্পৰাগত খাদ্যৰ সোৱাদ লৱ মুখ্যমন্ত্ৰী গৰাকীয়ে।
নৈ পৰিয়া সাধাৰন মিচিং জনগোষ্ঠীৰ পৰিয়ালটিৰ গৃহত এতিয়া অঞ্চলবাসী ৰাইজৰ ব্যাপক তৎপৰতা।