মাজুলীঃ মাজুলীবাসীৰ বহুদিনীয়া এক আশা বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। সোমবাৰে আনুষ্ঠানিকভাৱে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৯২৬ কোটি টকা ব্যয় সাপেক্ষে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই দলংখনৰ মুঠ দৈঘ্য হ’ব ৮০২৫.৫০ মিটাৰ।
লক্ষ্ণৌৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলংখন। ইতিমধ্যে দলঙখন নিৰ্মাণৰ বাবে বিভিন্ন সা-সামগ্ৰী আহি পৰ্যায়ক্ৰমে মাজুলী পাইছেহি। এই দলংখনৰ নিৰ্মাণৰ কামকাজ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগক দায়িত্ব দিয়া হৈছে।
২০১৬ চনতেই কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে মাজুলীৰ দৰিয়া পাৰত আধাৰশিলা স্থাপন কৰিছিল মাজুলী যোৰহাট সংযোগী দলঙৰ। ২০২১ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিছিল দলংখনৰ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি এই কাৰ্যৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানৰ পূৰ্বে মাজুলী কেৰেলা গাওঁ ঔৱা সত্ৰত নামঘৰত সেৱা লৈ পুৱাৰ জলপান গ্ৰহণ কৰে।
বান বাতিত কোমল চাউল, আঠ দৈ, ভজা চাউল আৰু লাৰু খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়কঃনগাঁৱৰ বঢ়মপুৰত হাতী পোৱালিৰ কৰুণ মৃত্যু
মাজুলী-যোৰহাট সংযোগী দলঙ কামৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়, আজিৰে পৰা দুৰন্ত গতিত চলিব নিৰ্মাণৰ কাম। ক’ভিড বা আন মহামাৰীয়ে যদি দেখা নিদিয়ে তেন্তে ২০২৫ৰ নৱেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব দলংখন।