মাজুলীঃ পুনৰ আৰম্ভ হ’ল মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা।

কোভিড-১৯ প্ৰ’টকল মানি সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীতে মুঠ যাত্ৰী পৰিবহন ক্ষমতা (আসন)ৰ ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব।

ফেৰী সেৱা মুকলি কৰি দিয়াৰ লগে লগে কমলাবাৰী ফেৰী ঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ।

লগতে পঢ়কঃআন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত তেজপুৰৰ জীয়ৰীয়ে লাভ কৰিলে সোণৰ পদক

এই নিয়মীয়া ফেৰী সেৱা পূৰ্বৰ দৰেই আভ্যন্তৰীণ জলপৰিবহন বিভাগে পৰিচালনা কৰিব। 

তিনিমাহ ধৰি বন্ধ হৈ থকাৰ পাছত ৰাজ্য চৰকাৰে মুকলি কৰি দিছে ফেৰী সেৱা।

 ৰাইজৰ সমস্যাৰ মাজতে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰাত মাজুলীবাসীয়ে সকাহ পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply