মাজুলীঃ নিলম্বিত এছ আই জোনমনি ৰাভাৰ হৈ জামিনৰ বাবে দাখিল কৰা প্ৰথমখন আবেদন আদালতৰ দ্বাৰা নাকচ । জামিন আবেদন নাকচ কৰিছে মাজুলী এছ দি জে এম আদালতে । চৈধ্য দিনৰ ন্যায়িক জিম্মাত থকা জোনমনি ৰাভাক কালিলৈ আদালতত হাজিৰ কৰোৱা হ’ব। মাজুলীৰ আদালতত নাকচ হোৱাৰ পাছতে জোনমনি ৰাভাৰ অধিৱক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিব।
উল্লেখ্য যে, ৪জুনত জোনমণি ৰাভাক প্ৰৱঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউন্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ।
বিধায়কৰ ফোন টেপিঙৰে সংবাদ শিৰোনাম দখল কৰা এছ আই জোনমণি ৰাভাই প্ৰেমিক ৰাণা পগাগক গ্ৰেপ্তাৰ কৰোৱাই বাতৰি শিৰোনামা দখল কৰিছিল । অৱশেষত মাজুলীৰ গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা একাধিক গোচৰৰ ভিত্তিত তিনিদিন মাজুলী আৰক্ষীয়ে জেৰা কৰাৰ অন্তত ৫জুনত গ্ৰেপ্তাৰ হ’ব লগা হৈছিল নগাঁৱৰ কলিয়াবৰ আৰক্ষী থানাৰ এছ আই জোনমণি ৰাভা ।