হোজাইঃ হোজাই জিলাৰ লালনডুবি কৃষ্ণনগৰৰ এগৰাকী কিশোৰীৰ অপহৰণ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত বাতৰি অনুসৰি লংকা থানাৰ অন্তৰ্গত লালনডুবিৰ পৰা গংগা ঘোষ নামৰ এগৰাকী কিশোৰীক দ্বীপ নামৰ এজন যুৱকে অপহৰণ কৰি নিয়ে বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে৷
লগতে পঢ়কঃঅসমৰ অন্তৰীশৰ ডাবলছ খিতাপ কিন্তু এককৰ ছেমিত অঘটনৰ সন্মুখীন
ভিনিহিয়েক বলৰাম মালাকাৰে প্ৰকাশ কৰা অনুসৰি, দ্বীপৰ ঘৰৰ কাষত বুধবাৰে এখন অচিনাক্ত বাহন পৰিলক্ষিত হৈছিল ৷ সেই বাহনতেই পৰীক্ষা দিবলৈ যোৱা গংগাক দ্বীপে অপহৰণ কৰি নিয়ে বুলি সন্দেহ প্ৰকাশ কৰিছে বলৰামৰ ৷
উল্লেখযোগ্য যে গংগাৰ ভিনিহিয়েক বলৰাম মালাকাৰৰ ঘৰৰ পৰা নগদ পঞ্চাশ হাজাৰ টকাৰ লগতে এডাল ৰূপৰ চেইন আৰু এটি সোণৰ আঙুঠিও চোৰ হৈছে ৷
পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
কিশোৰী গৰাকীৰ কোনো সন্ধান পালে 9366039128 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।