মাজুলী: প্ৰৱঞ্চনা, প্ৰতাৰণা তথা মিথ্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি লখিমপুৰ জিলাৰ পৰা কৰ্তন কৰি মাজুলীৰ সৈতে চামিলকৰণৰ দাবীত শনিবাৰে হেজাৰ হেজাৰ জনতা প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ জিলাৰ পূব তেলাহীত।
পূব তেলাহী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদৰ খেল পথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আকাশ বতাহ কঁপাই তোলে। পূব তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা ওলাই অহা হেজাৰ হেজাৰ আবাল বৃদ্ধ বণিতা, পুৰুষ- মহিলা, যুৱক-যুৱতী আদি সকলো সমবেত হৈ দাবী- এটাই যিকোনো ত্যাগৰ বিনিময়ত পূব তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলী জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবী উথাপণ কৰে।
ইয়াৰ বিকল্প মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি সম্বনয়ৰক্ষী সমিতিৰ সম্পাদক কেনেদী দলে কয়- জনগাঁঠনি আৰু ভৌগোলিক অৱস্থিতিৰ ফালৰ পৰা মাজুলীৰ লগত একে আৰু গাতে লাগি আছে।
এনে পৰিপ্ৰেক্ষিতত মাজুলীত চামিল হ’লে আৰ্থ- সামাজিক নিৰাপত্তা, স্বাস্থ্য, শিক্ষাৰ লগতে সকলো কাৰিকৰী দিশৰ পৰা সুবিধাজনক। তদুপৰি যাতায়ত-যোগাযোগ ক্ষেত্ৰত লখিমপুৰ সদৰলৈ ভীষণ সমস্যাৰ বিপৰীতে মাজুলীলৈ খুব সহজ যাতায়ত-যোগাযোগ ব্যৱস্থা আছে।
এনে পৰিপ্ৰেক্ষিতত এই দাবী পূব তেলাহীবাসীৰ বাবে ন্যাৰ্য দাবী হিচাপে পৰিগণিত হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত পূব তেলাহী গাঁও পঞ্চায়তক মাজুলীত চামিলকৰণৰ প্ৰসংগত পূব তেলাহী গাঁও পঞ্চায়ত ৰংগমঞ্চত আন এখন পঞ্চায়ত গাঁও সভা অনুষ্ঠিত হয়।
লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মতে আয়োজিত হোৱা এই গাঁও সভাত সভাপতিত্ব কৰে পূব তেলাহী গাঁও পঞ্চায়তৰ সভাপতি ৰবিন কুমাৰ দলেই। সচিব সূৰ্য্য দলেই উদ্দেশ্য ব্যাখ্যা কৰা বৃহৎ গাঁও সভাত পূব তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলীত চামিলকৰণৰ বিকল্প একোৱেই নাই বুলি ঐকমত্য প্ৰকাশ কৰি এক সিদ্ধান্ত গ্ৰহণ কৰে।