মাজুলীঃ মাজুলীত বিলাতী সুৰা জব্দ। জিলা প্ৰশাসন, জিলা আবকাৰী বিভাগ আৰু মাজুলী আৰক্ষীৰ যৌথ অভিযানত এ এছ-০৩জি-৭৫২২ নম্বৰৰ এখন মাৰুটি-৮০০ৰ পৰা কেইবা কাৰ্টনো বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।
কাৰ্টন কেইটাত বিভিন্ন ব্ৰেণ্ডৰ মুঠ ৫৪৩ টা বিলাতী সুৰাৰ বটল জব্দ কৰে আৰক্ষীয়ে। নামনি বৰবিলত জব্দ কৰে এই বিলাতী সুৰা সমূহ ।
লগতে আৰক্ষীয়ে তিনি ব্যক্তি ক্ৰমে দ্বিজেন দলে, ভাস্কৰ দলে আৰু দেৱানন্দ দলে নামৰ তিনি ব্যক্তিকো আটক কৰিছে।
ইয়াৰে দ্বিজেন দলেৰ ঘৰ ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত বাঘমৰা, ভাস্কৰ দলেৰ ঘৰ মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্ভুক্ত জেংৰাই চাপৰি আৰু দেৱানন্দ দলেৰ ঘৰ জেংৰাই আমগুৰিত।
সুৰামুক্ত মাজুলীত এনেদৰেই দৈনিক শ শ লিটাৰ বিলাতী সুৰা সৰবৰাহ হৈ থকাৰ খবৰৰ মাজতে এইয়া মাজুলী আৰক্ষীৰ এক বিশেষ সফলতা বুলি ক’ব পাৰি।
ইফালে আগন্তুক নৱবৰ্ষৰ উদযাপনৰ নামত যাতে কোনো লোকেই সুৰা সেৱন কৰি গাড়ী চলাব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ মাজতে এই বিলাতী সুৰা সমূহ জব্দ কৰে।