মাজুলীঃ দেশৰ লগতে বিদেশতো মাজুলীৰ মুখা শিল্পই সুকীয়া স্থান দখল কৰি আহিছে ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্বৰ্ণীল ঐতিহ্যৰ বৰ্ণিল ৰূপ পোৱা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ নতুন চামগুৰি সত্ৰত নিৰ্মাণ হৈছে ১২ ফুট উচ্চতাৰ কুম্ভকৰ্ণৰ মুখা, জতায়ু, গৰুড় পখীকে ধৰি ১০ জন ‘লটুকৰী’ বা মুখ মুখা ৷
সাংস্কৃতিক গৱেষণাৰ অন্যতম মাজুলীৰ চামগুৰিৰ মুখা শিল্পক বিশ্বসভালৈ উলিয়াই নিয়াৰ মানসিকতাৰে পৰ্যটকৰ আকৰ্ষণৰ অৰ্থে নিৰ্মাণ কৰা হৈছে ১২ ফুট উচ্চতাৰ কুম্ভকৰ্ণ ৷
লগতে পঢ়কঃস্বামীয়ে ২ লাখ টকাত পত্নীক বিক্ৰী কৰিলে কুৱেইটত
মাজুলী তথা অসমৰেই মুখা শিল্পৰ বাবে গৌৰৱ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী কোষকান্ত গোস্বামীৰ পুত্ৰ প্ৰদীপ গোস্বামী । প্ৰদীপ গোস্বামী আৰু বহুকেইজন শিল্পীৰ হাতৰ পৰশত দুমাহ ধৰি কৰা প্ৰচেষ্টাত প্ৰাণ পায় উঠিছে কুম্ভকৰ্ণৰ লগতে বিভিন্ন মুখা ৷ যিয়ে মাজুলী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷